উত্তৰ: অৰ্থনীতিত দুটা খণ্ড আছে — ঘকরা খণ্ড বা পৰিয়ালগোট আৰু ব্যৱসায় প্রতিষ্ঠান। উদ্যোগ প্রতিষ্ঠানসমূহে দ্রব্য উৎপাদন কৰে। সেই দ্রব্য উৎপাদনত ঘৰুৱা খণ্ডৰ উৎপাদন যেনে — ভূমি, শ্রম, মূলধন, সংগঠন আদিক কামত খটুওঁৱা হয়। উপাদানসমূহে খাজনা, মজুৰি, সুদ আৰু লাভ হিচাপে পাৰিশ্ৰমিক অৰ্জন কৰে। এইদৰে লাভ কৰা আয় উৎপাদনৰ উপাদানসমূহে দ্রব্য সামগ্রী ক্ৰয় কৰাত ব্যৱহাৰ কৰে। গতিকে এই আয় পুনৰ উৎপাদন প্ৰতিষ্ঠানসমূহলৈ 'ঘূৰি যায়। উদ্যোগ প্রতিষ্ঠানসমূহে এনেভাবে দ্রব্য সামগ্রী আৰু সেৱা বিক্রী কৰি পোৱা ধন পুনৰ সেৱা মূল্য হিচাপে প্ৰদান কৰে। গতিকে জাতীয় আয় চক্ৰাকাৰ গতিৰে উদ্যোগ প্ৰতিষ্ঠান আৰু ঘৰুৱা খণ্ডৰ মাজত ঘূৰি ফুৰিলে জাতীয় আয়ৰ চক্ৰবৎ প্রবাহ বোলে।
