উত্তৰ: মুঠ ঘৰুৱা উৎপাদন (GDP)ক দেশ এখনৰ কল্যাণসূচক হিচাপে গণ্য কৰিব নোৱাৰি। প্ৰথমতে, বর্ধিত GDP যদিএক সীমিত সংখ্যক ব্যক্তি বা প্ৰতিষ্ঠানৰ হাতত কেন্দ্ৰীভূত হৈ থাকে; তেন্তে সমাজৰ বাকী অংশৰ মানুহৰ আয়ৰ পৰিমাণ হ্ৰাস পাব পাৰে। এনে ক্ষেত্ৰত জনসাধাৰণৰ কল্যাণ সাধন নহয়। দ্বিতীয়তে, অর্থনীতিত বহুবোৰ কাৰ্য প্ৰণালী মৌদ্রিকভাৱে পৰিমাপ কৰা নহয়। এইবোৰ GDP গণনাত অন্তৰ্ভুক্ত কৰা নহয়। গতিকে GDP গণনাৰ পৰা দেশখনৰ প্ৰকৃত কল্যাণৰ পৰিমাপ সম্ভৱ নহয়। তৃতীয়তে, বাহ্যিকতাৰ ক্ষেত্ৰত কোনো বজাৰ ব্যৱস্থাৰ উপস্থিতি নাথাকে যাৰ জৰিয়তে ইয়াক ক্রয়-বিক্ৰয়ৰ অধীনলৈ আনিব পাৰি। অৰ্থাৎ কোনো ব্যক্তি বা প্রতিষ্ঠানে সৃষ্টি কৰা সু-প্ৰভাৱ বা কু-প্ৰভাৱ GDP গণনাৰ বাহিৰত থাকে। এনেবোৰ কাৰণত GDP ক এখন দেশৰ জনসাধাৰণৰ কল্যাণৰ সূচক বুলি গণ্য কৰা নহয়।